আধাৰ নহয় বাধ্যতামূলক

আধাৰ নহয় বাধ্যতামূলক

ডিজিটেল ডেস্ক:আধাৰ বাধ্যতামুলক নকৰিলে উচ্চতম ন্যায়লয়ে৷ বেংকৰ একাউণ্ট খোলা,ম’বাইল নম্বৰৰ সংযোগৰ বাবে এতিয়াৰ পৰা প্ৰয়োজন নহ’ব আধাৰৰ৷ তদুপৰি বিদ্যালয়ত নামভৰ্তিৰ বাবেও আধাৰ বাধ্যতামূলক নহয় বুলি আজি সৰ্বোচ ন্যায়লয়ৰ পাচজনীয়া বিচাৰপীঠে শুনানী আগবঢ়াই৷ আধাৰ কাৰ্ডৰ জৰিয়তে মানুহৰ ব্যক্তিগত তথ্য ব্যাক্তিগত প্ৰতিষ্ঠানক দিয়া নহ’ব বুলি উল্লেখ কৰিছে বিচাৰপীঠে৷ আধাৰ কাৰ্ডক আৰু সুৰক্ষীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে বিচাৰপতি কে কে চিকৰি৷ তদুপৰি বেআইনীভাৱে যাতে কোনেও আধাৰৰ সুবিধা লাভ কৰিব নোৱাৰে উক্ত বিষয়টো কেন্দ্ৰীয় চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনায় উচ্চতম ন্যায়লয়ে৷