-->

২০৩০ চনলৈ দেশত প্ৰয়োজন হ’ব ৫৫টা নতুন বিমান বন্দৰ

২০৩০ চনলৈ দেশত প্ৰয়োজন হ’ব ৫৫টা নতুন বিমান বন্দৰ

দেশত যান-বাহনৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ ফলত ২০৩০ চনলৈ সুচল যাতায়তৰ বাবে ভাৰতত প্ৰয়োজন হ'ব ৫৫টা নতুন বিমান বন্দৰৰ। বিমান পৰিবহণৰ সৈতে জড়িত চি এ পি এ নামৰ সংস্থাটোৰ প্ৰতিবেদনৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। সংস্থাটোৰ তথ্য অনুসৰি বৰ্তমান মুম্বাই-দিল্লী আৰু চেন্নাইৰ দৰে বিমান বন্দৰসমূহত যাত্ৰীৰ বৰ্ধিত সংখ্যাই জটিলতাৰ সৃষ্টি কৰিছে। একেদৰে আগৰতলা, ডেৰাডুন, গুৱাহাটী, জয়পুৰ, পুনে, শ্ৰীনগৰ আদিৰ দৰে সৰু বিমান বন্দৰসমূহতো যাত্ৰীৰ ভিৰ অত্যাধিক হাৰত বৃদ্ধি পাই আহিছে। সংস্থাটোৰ মতে ২০৩০ চনলৈ ভাৰতত কমেও ৫৫ টা নতুন বিমান বন্দৰ স্থাপন কৰিব লাগিব। আনহাতে সঠিকভাৱে বিমান বন্দৰ স্থাপনৰ প্ৰক্ৰিয়া আগনাবাঢ়িলে ২০২২ চনলৈ ভাৰতৰ বিমান পৰিবহণ ব্যৱস্থাই যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত ইয়াৰ সৰ্বাধিক সীমা অতিক্ৰম কৰিব।