-->

ওৰিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এবছৰত এক লাখ টকাৰ সম্পত্তি বৃদ্ধি

ওৰিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এবছৰত এক লাখ টকাৰ সম্পত্তি বৃদ্ধি

ওৰিশাত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সম্পত্তিৰ পৰিমাণ এবছৰত মাত্ৰ এক লাখ টকাহে বৃদ্ধি পাইছে। যোৱা বছৰ তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৪৯,২১,১৬,৪২৫ টকা। চলিত বৰ্ষত তেওঁৰ সম্পত্তিৰ মূল্য হৈছেগৈ ৪৯,২২,২১,৪৩৭.২৯ টকা। এই বৃদ্ধিৰ পৰিমাণ মাত্ৰ ১,০৫,২১২ টকা। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীজনে তেওঁৰ ভগ্নী গীতা মেহতাৰ নামত ১৫ লাখ টকাৰ ঋণ লৈছে যদিও সেয়া এতিয়াও ঘূৰাই দিয়া নাই বুলি শেহতীয়া সম্পত্তিৰ প্ৰতিবেদনত সদৰী কৰে। পাটনায়কৰ নিজা গাড়ী বুলিবলৈ আছে ১৯৮০ ৰ এখন এম্বেছেডৰ গাড়ী। যাৰ মূল্য ১০,৪৭৭ টকা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী পাটনায়কৰ লগতে তেওঁৰ ২০ জন মন্ত্ৰীয়েও কালি দাখিল কৰে সম্পত্তিৰ তালিকা।