কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ মাজত সংঘৰ্ষত নিহত এক

কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ মাজত সংঘৰ্ষত নিহত এক

দক্ষিণ কাশ্মীৰৰ ছপিয়ানত কালি নিশা উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয়। ছপিয়ানৰ পহানত এটা তালাচী চকীত থকা এখন ম'বাইল ভানলৈ উগ্ৰপন্থীজনে গুলিচালনা কৰিছিল। নিৰাপত্তাৰক্ষীয়েও প্ৰত্যুত্তৰত গুলিচালনা কৰে ফলত দয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হয়। নিহত উগ্ৰপন্থীজন লস্কৰ-ই-তৈবাৰ সদস্য বুলি সন্দেহ কৰা হৈছে। যোৱা বৃহস্পতিবাৰেও এজন উগ্ৰপন্থীক নিৰাপত্তা বাহিনীয়ে বান্দীপোৰাত হত্যা কৰা হৈছিল।