শিপুখুৰীত ভোগালী বিহু

শিপুখুৰীত ভোগালী বিহু

গুৱাহাটী ভোগালী বিহু উৎযাপন সমিতিয়ে ৩০ সংখ্য়ক বাৰ্ষিক ভোগালী বিহু এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে শিলপুখুৰীৰ নৱগ্ৰহ কালী মন্দিৰ খেলপথাৰত অহা ১৪ জানুৱাৰী তাৰিখে উদযাপন কৰিব। ভোগালী বিহুৰ মূল কাৰ্যসূচী পুৱা ৯ বজাত মেজি প্ৰজ্ৱলনেৰে আৰম্ভ কৰা হ'ব। মেজি প্ৰজ্ৱলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰথিতযশা কণ্ঠশিল্পী,সংগীত পৰিচালক কুল বৰুৱাই।সমিতিয়ে মেজিৰ গুৰিত কণী  যুঁজ আৰু বিভিন্ন খেল ধেমালিৰো আয়োজন কৰিছে।