হৃদৰোগৰ ভৱিষ্য়বাণী

হৃদৰোগৰ ভৱিষ্য়বাণী

আপাত: দৃষ্টিত সুস্থ যেন লগা কোনগৰাকী ব্য়ক্তি আগলৈ গৈ হাৰ্ট এটেকৰ সম্মুখীন হ'ব পাৰে,সেইয়া এতিয়াৰেপৰা এটি সামান্য় ৰক্ত পৰীক্ষা কৰিয়েই জানিবপৰা যাব। এডিনবৰা আৰু গ্লাছগ' ইউনিভাৰ্ছিটিৰ এটি দলে অধ্য়াপক অনকোলাছ মিছলছৰ তত্বাৱধানত সম্পন্ন কৰা গৱেষণাৰ জৰিয়তে জানিব পাৰিছে যে যিসকলৰ পুৰুষৰ ৰক্তত ট্ৰ'প'নিনৰ মাত্ৰা অধিক মাত্ৰাত থাকে তেওলোকে অনাগত পোন্ধৰ বছৰৰ ভিতৰত হাৰ্ট এটেক অথৱা হৃদৰোগজনিত ৰোগত ভোগাৰ সম্ভাৱনা আৰু লগতে এই ৰোগত ভূগি মৃত্য়ুবৰণ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে।অৱশ্য়ে এনে অৱস্থা দেখা পোৱাৰ পাচৰেপৰা বিশেষজ্ঞই কলেষ্টেৰলৰ মাত্ৰা কমোৱা ঔষধ দি আগন্ত ুক বিপদৰ সম্ভাৱনা যথেষ্ট লাঘৱ কৰিব পাৰে।