কৰ্কট ৰোগৰ গৱেষণাৰ বাবে ভাৰতীয় মূলৰ চিকিৎসা বিজ্ঞানীলৈ আৰ্থিক অনুদান মাৰ্কিন প্ৰশাসনৰ

কৰ্কট ৰোগৰ গৱেষণাৰ বাবে ভাৰতীয় মূলৰ চিকিৎসা বিজ্ঞানীলৈ আৰ্থিক অনুদান মাৰ্কিন প্ৰশাসনৰ

কৰ্কট ৰোগৰ ওপৰত চলোৱা গৱেষণা অব্যাহত ৰাখিবৰ বাবে ভাৰতীয় মূলৰ এগৰাকী চিকিৎসক তথা বিজ্ঞানীলৈ বৃহৎ পৰিমাণৰ ধনৰাশি অনুদান হিচাপে আগবঢ়াইছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। এই ভাৰতীয় মূলৰ বিজ্ঞানীজনৰ নাম হ'ল নবীন ভৰদ্বাজন। তেওঁৰ লগতে হষ্টন বিশ্ববিদ্যালয়ৰ এছ'ছিয়েট প্ৰফেছৰ চাংয়ুক চাঙকো এই অনুদানেৰে সমৰিলে মাৰ্কিন প্ৰশাসনে। উল্লেখ্য যে ভাৰতীয় মূলৰ নবীন ভৰদ্বাজৰ নেতৃত্বত এটা দলে দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। শেহতীয়াকৈ কাৰ্নিভেল কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত মলেকুলাৰ ভূমিকাৰ ওপৰত অধ্যয়ন চলাবলৈ তেওঁলোকক অনুদান হিচাপে দিয়া হৈছে প্ৰায় ২ নিযুত মাৰ্কিন ডলাৰ।