-->

অসমৰ ছাত্ৰৰ ম’বাইল এপ্লিকেচনে সন্ধান দিব ৰক্তদাতাৰ

অসমৰ ছাত্ৰৰ ম’বাইল এপ্লিকেচনে সন্ধান দিব ৰক্তদাতাৰ

বিশ্ব ৰক্তদান দিৱসৰ উপলক্ষে কেইগৰাকীমান অসমীয়া যুৱক-যুৱতীয়ে মুকলি কৰিছে এটা নতুন এপ্লিকেচন। এই এপ্লিকেচনটোৰ নাম হৈছে 'ৰক্ত বান্ধৱ'। ইণ্ডিয়ান ইনষ্টিটিউট অব ইনফৰমেচন এণ্ড টেকন'লজিৰ ছাত্র-ছাত্ৰী সকলে এটা প্ৰকল্পৰ অধীনত এই এপটো মুকলি কৰি উলিয়াইছে। ৰোগীৰ আত্মীয়ই প্ৰয়োজনীয় তেজ বিচাৰি যাতে ক'তো হাবাথুৰি খাব লগীয়া নহয়, তাৰ বাবেই 'ৰক্ত বান্ধৱ' ম'বাইল এপ্লিকেচনটো মুকলি কৰি উলিয়াইছে। প্ৰাণজিৎ ভৰালী, মৃদুল কুমাৰ শৰ্মা, লীমা কলিতা আৰু ঋতুপৰ্ণ বৈশ্যই এই এপ্লিকেচনটো নিৰ্মাণ কৰি উলিয়াইছে। এপটোৰ ল'গ' ডিজাইনাৰ আঁৰত আছে জ্যোতিৰূপম দত্ত। এই এপটো গুগল প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। এই এপটো ডাউনলোড কৰি ব্যৱহাৰকাৰী সকলে নিজৰ ম'বাইলত ইনষ্টল কৰি নিজৰ ফোন নম্বৰ দি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তেতিয়া ব্যৱহাৰকাৰীয়ে ৰক্তদাতাৰ এখন দীঘলীয়া তালিকা লাভ কৰিবলৈ সক্ষম হ'ব।