-->

জি এছ টিৰ হাৰ ১২ শতাংশ বৃদ্ধিৰ ফলত বৃদ্ধি পাব ঔষধৰ দাম

জি এছ টিৰ হাৰ ১২ শতাংশ বৃদ্ধিৰ ফলত বৃদ্ধি পাব ঔষধৰ দাম

জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টি (পণ্য আৰু সেৱা কৰ)ৰ ফলত অত্যাৱশ্যকীয় ঔষধৰ জি এছ টি ১২ শতাংশ নিৰ্ধাৰণ কৰা হৈছে। এই বৃদ্ধিৰ ফলত অধিকাংশ অত্যাৱশ্যকীয় ঔষধৰ দাম ২.২৯ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এই ঔষধ সমূহত ৯ শতাংশ কৰ আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে অত্যাৱশ্যকীয় ঔষধৰ তালিকাত অন্তৰ্ভুক্ত কিছু ঔষধ হ'ল- হেপাৰিন, ৱাৰফাৰিন, ডিলটিয়াজেম, ডায়েজেপাম, ইবুপ্ৰ'ফেন, প্ৰ'প্রানল'ল আৰু ইমাটিনিব। আনহাতে যিসমূহ ঔষধৰ আবকাৰী শুল্কৰ ৰেহাই দিয়া হৈছে, সেইসমূহ ঔষধৰ দামো নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব।