২৮ তাৰিখে কিনিবলৈ নাপাব ঔষধ

২৮ তাৰিখে কিনিবলৈ নাপাব ঔষধ

ডিজিটেল ডেস্ক:অহা২৮ চেপ্তেম্বৰত ৰাজ্যত বন্ধ থাকিব সকলো ফাৰ্মাচী ৷কেন্দ্ৰীয় চৰকাৰে ৰোগীক অনলাইনযোগে ঔষধ যোগান ধৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে এই বন্ধ ঘোষণা কৰিছে৷ আনহাতে  এই বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে আছাম ড্ৰাগ ডীলাৰ এছ’চিয়েশ্যনে। এই অনুসৰি ২৭ ছেপ্তেম্বৰৰ নিশা ১২ বজাৰ পৰা ২৮ ছেপ্তেম্বৰৰ নিশা ১২ বজালৈ ৰাজ্যত সকলো ফাৰ্মাচী বন্ধ থাকিব দেশত৷ অৱেশ্যে  ৰোগীসকলৰ সুবিধাৰ বাবে দুখনকৈ ফাৰ্মাচী খোলা ৰখা হ’ব৷