-->

আজিৰ দিল্লীৰ বিৰুদ্ধে নৰ্থ-ইষ্ট এফ চি

আজিৰ দিল্লীৰ বিৰুদ্ধে নৰ্থ-ইষ্ট এফ চি

চলিত আই এছ এলত উত্তৰ-পূবৰ প্ৰতিনিধি নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে আঁকি তৃতীয় খন মেচ খেলিব । নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া মেচখনত নৰ্থ-ইষ্টৰ প্ৰতিদ্বন্দ্বি হব দিল্লী ডায়নামোজ এফ চি । উল্লেখ্য যে দেশৰ ৰাজধানী চহৰত আই এছ এলৰ চতুৰ্থ ছিজনৰ এইখনেই হব প্ৰথম মেচ । উভয় দলে কাইলৈ ছিজনৰ তৃতীয়খন মেচত অৱতীৰ্ণ হব । নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে পূৰ্বৰ দুয়োখন মেচতে দুৰ্বল প্ৰদৰ্শনেৰে পইণ্ট তালিকাৰ অন্তিম স্থানত আছে আৰু অনুৰাগীক হতাশ কৰিছে । মেচ খন আৰম্ভ হব নিশা ৮ বজাত ।