নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিশায্যৰ অভিযোগ

নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিশায্যৰ অভিযোগ

ডিজিটেল ডেস্ক:নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিশায্যৰ অভিযোগ উত্থাপিত কৰিছে অভিনেত্ৰী তনুশ্ৰী দত্তই৷ বলিউদৰ আন্ধাৰ জগতখন উদঙাই অভিনেত্ৰীগৰাকীয়ে কয় যে হৰ্ণ অ’কে নামৰ চলচিত্ৰৰ শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকীক আতিশায্য চলাইছিল নানা পাটকাৰে৷ অভিনেত্ৰীগৰাকীয়ে কয় যে এটা দৃশ্যৰ শ্বুটিঙৰ সময়ত তেওঁক অপ্ৰয়োজনীয়ভাৱে স্পৰ্শ কৰিছিল৷ তদুপৰি তনুশ্ৰীয়ে কয় যে নানা পাটেকাৰে সদায় নাৰীক অসন্মান কৰি আহিছে৷ কেতিয়াবা যদি তেওঁ নাৰীক মাৰপিট কৰে,কেতিয়াবা যৌন নিৰ্যাতন৷ কিন্তু বলিউদ এই ক্ষেত্ৰত সদায় নিশ্চুপ বুলি মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে৷