-->

বলিউড অভিনেতা বিনোদ খান্নাৰ দেহাৱসান

বলিউড অভিনেতা বিনোদ খান্নাৰ দেহাৱসান

বলিউডৰ জনপ্ৰিয় অভিনেতা বিনোদ খান্নাৰ আজি দিনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। বিগত কেইবামাহ ধৰি তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মুম্বাইস্থিত এইচ এন ৰিলায়েন্স হস্পিতালত ভৰ্তি হৈ আছিল। অৱশ্যে পৰিয়ালৰ লোকসকলৰ লগতে ডাক্টৰেও তেওঁ সুস্থ হৈছিল বুলি প্ৰকাশ কৰিছিল যদিও হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। আজি আবেলি ৪.৩০ বজাত মুম্বাইত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব। তেওঁৰ জন্ম হৈছিল বৰ্তমান পাকিস্তানৰ পেছোৱাৰাত। চলচ্চিত্ৰৰ লগতে তেওঁ ৰাজনীতিৰ পথাৰতো সফল আছিল। তেওঁ বিজেপি দলৰ পৰা সাংসদ হিচাপে সংসদলৈও নিৰ্বাচিত হৈছিল। ভাৰতৰ এই মহান শিল্পীগৰাকীৰ মৃত্যুৱে মৰ্মাহত কৰিছে হিন্দী চলচ্চিত্ৰ জগতৰ লগতে সমগ্ৰ দেশবাসী। ANN News অসমৰ পৰাও আমি এইজনা মহান শিল্পীৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।