-->

ৰজনীকান্তৰ ৰবটৰ মুক্তিৰ দিন জানুৱাৰীলৈ বিলম্ব

ৰজনীকান্তৰ ৰবটৰ মুক্তিৰ দিন জানুৱাৰীলৈ বিলম্ব

ৰজনীকান্ত অভিনীত বছৰটোৰ বহু প্ৰতিক্ষীত ছবি 2.0 ৰ মুক্তিৰ দিন অহা বছৰৰ জানুৱাৰীৰ ২৫ তাৰিখলৈ পিছুৱাই দিয়া হৈছে। প্ৰথমে ছবিখন এই বছৰৰ দিপাৱালীত মুক্তি লাভ কৰাৰ কথা আছিল। 2.0 ৰজনীকান্তৰ ২০১০ চনৰ চুপাৰ হিট ছবি ৰবটৰ ৰিমেক। ছবিখন পৰিচালনা কৰিছে শঙ্কৰে। ৰজনীকান্তৰ উপৰিও অক্ষয় কুমাৰ, এমি জেকচন আদিয়েও এই ছবিখনত অভিনয় কৰিছে। ছবিখনৰ বাজেট প্ৰায় ৪৫০ কোটি টকা।এই ছবিখন ভাৰতৰ বৰ্তমানলৈকে নিৰ্মিত আটাইতকৈ ব্যয়বহুল ছবি হিচাপে গণ্য কৰা হৈছে।