-->

ডিজিধন মেলাৰ শুভাৰম্ভ মুখ্য়মন্ত্ৰীৰ

ডিজিধন মেলাৰ শুভাৰম্ভ মুখ্য়মন্ত্ৰীৰ

নাগৰিক আৰু ব্য়ৱসায়ীসকলৰ মাজত ডিজিটেল ব্য়ৱস্থা সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য়ে অসমত কালিৰেপৰা আৰম্ভ হৈছে ডিজিধন অভিযান। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ডিজিটেল মেলাৰ শুভাৰম্ভ কৰে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ং অসম চৰকাৰৰ উদ্য়োগত তথা ভাৰত চৰকাৰৰ নিটি আয়োগৰ সহযোগত অনুষ্ঠিত এই অদ্ৱিতীয় যিকোনো সামগ্ৰীৰ ক্ৰয় সম্পূৰ্ণ নগদবিহীন। এই মেলাত ই-ৱালেট অপাৰেটৰ্ছ,বেংক,টেলিকম কোম্পানী,তেল কোম্পানী,ব্য়ৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী সংস্থা আদিয়ে অংশগ্ৰহণ কৰিছে।