-->

টিম ইণ্ডিয়াৰ অধিনায়কে দিলে সু-খবৰ

টিম ইণ্ডিয়াৰ অধিনায়কে দিলে সু-খবৰ

টিম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ লভ ইছটৰী কথা সকলোৱে জানেই । এটি অনুষ্ঠানত ডিচেম্বৰত শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হব বুলি ইংগিত দিয়ে টিম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে । মুম্বাইত বিৰাট কোহলি ফাউণ্ডেচনে আয়োজন কৰা ইণ্ডিয়ান স্পৰ্টছ অনাৰ্ছ অনুষ্ঠানটোত  ভাগ লোৱা সবাতোকৈ চৰ্চিত প্ৰেমিক প্ৰেমিকা কোহলি আৰু অনুষ্কাই অহা ডিচেম্বৰ মাহত যুগ্ম জীৱ আৰম্ভ কৰা পূৰ্ণ সম্ভাৱনা আছে । অনুষ্ঠানটোৰ ৰেড কাৰ্পেটত প্ৰৱেশ কৰাৰ লগে লগে কোহলি আৰু অনুষ্কাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে প্ৰথম অৱস্থাত কোহলি আৰু অনুষ্কাই তেওঁলোকৰ প্ৰেম সম্পৰ্কক লুকুৱাই ৰাখিছিল চেষ্টা কৰিছিল যদিও শেহতীয়াকৈ টিম ইণ্ডিয়াৰ তাৰকা আৰু অভিনেত্ৰী গৰাকীয়ে প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা কৰে ।