-->

গ্ৰীচ অলিম্পিয়া ছবি মহোৎসৱত উজলিল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ: অৰ্জন কৰিলে ৩ টাকৈ বঁটা

গ্ৰীচ অলিম্পিয়া ছবি মহোৎসৱত উজলিল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ: অৰ্জন কৰিলে ৩ টাকৈ বঁটা

দেশ-বিদেশত ইতিমধ্যে বহু সমাদৃত আৰু পুৰস্কৃত অসমৰ পৰিচালিকা ৰীমা দাসৰ পূৰ্ণদৰ্ঘ্যৰ কথাছবি 'ভিলেজ ৰকষ্টাৰ্ছ'-এ ক্ৰমাগতভাৱে এটাৰ পিচত আন এটা সফলতাৰ বাট পোনাই যাবলৈ সক্ষম হৈছে। সুদূৰ গ্ৰীচ চহৰত অনুষ্ঠিত অলিম্পিয়া আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত এইবাৰ তিনিটা শিতানত বঁটা লাভ কৰি সমূহ অসমবাসীলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। পৰিচালিকা ৰীমা দাসক শ্ৰেষ্ঠ পৰিচালিকা, কথাছবিখনত 'ধনু' চৰিত্ৰত অভিনয় কৰা কণমানি শিল্পী ভণিতা দাসক শ্ৰেষ্ঠ অভিনেত্ৰী আৰু কথাছবিখনলৈ বিশেষ জুৰিৰ বঁটা মহোৎসৱখনত আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে আমেৰিকাৰ 'ট'ৰেণ্ট' ফিল্ম ফেষ্টিভেল'ত কথাছবিখনৰ 'ৱৰ্ল্ড প্ৰিমিয়াৰ' হোৱাৰ পিছতে 'ভিলেজ ৰকষ্টাৰ্ছ' সৰ্বত্ৰ চৰ্চিত হৈ পৰে।