-->

তিনি দিনত ১১৬.০৫ কোটি টকা উপাৰ্জনেৰে টাইগাৰ জিন্দা হে’ৰ ৰেকৰ্ড

তিনি দিনত ১১৬.০৫ কোটি টকা উপাৰ্জনেৰে টাইগাৰ জিন্দা হে’ৰ ৰেকৰ্ড

বছৰটোৰ বহু প্ৰতিক্ষিত ছবি টাইগাৰ জিন্দা হে'ৰ তিনি দিনৰ উপাৰ্জনে গঢ়িছে নতুন অভিলেখ। বলিউডৰ ভাইজান ছলমান খান আৰু কেটৰিণা কাঈফ অভিনীত ছবিখনে তিনিদিনত উপাৰ্জন কৰে ১১৬.০৫ কোটি টকা। ছবিখনে মুক্তিৰ দিনাই ৩৪.১০ কোটি টকা, শনিবাৰৰ দিনা ৩৫.৩০ কোটি টকা আৰু কালি দেওবাৰে ৪৫.৫৩ কোটি টকা উপাৰ্জন কৰে। এই উপাৰ্জনেৰে তিনি দিনত সৰ্বাধিক উপাৰ্জনকাৰী ছবি চুলতানৰ ১০৫.৫৩ কোটি টকাৰ অভিলেখ ভংগ কৰে। টাইগাৰ জিন্দা হে'ৰ তিনি দিনৰ উপাৰ্জন ১১৪.৯৩ কোটি টকাৰে বৰ্তমান প্ৰথম তিনি দিনৰ উপাৰ্জনকাৰী ছবিৰ শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।