-->

অপ্ৰতিৰোধ্য টাইগাৰ: ৩০০ কোটিৰ ঘৰত প্ৰৱেশ ‘টাইগাৰ জিন্দা হ্যে’ৰ

অপ্ৰতিৰোধ্য টাইগাৰ: ৩০০ কোটিৰ ঘৰত প্ৰৱেশ ‘টাইগাৰ জিন্দা হ্যে’ৰ

এখনৰ পিচত এখনকৈ ছুপাৰহিট চলচ্চিত্ৰ উপহাৰ দি বলিউডত অপ্ৰতিৰোধ্য হৈ পৰিছে ছুপাৰষ্টাৰ ছলমান খান। শেহতীয়াকৈ মুক্তি লাভ কৰা ছলমানৰ টাইগাৰ জিন্দা হ্যে নামৰ চলচ্চিত্ৰখনে কেৱল ভাৰততে নহয় বিদেশৰ বজাৰতো খলকনিৰ সৃষ্টি কৰিছে। চলচ্চিত্ৰখনে মুক্তিলাভ কৰাৰ ১৮ দিন অতিক্ৰম কৰাৰ পিচতো এতিয়াও চলচ্চিত্ৰপ্ৰেমীৰ সোঁত বৈ আছে চলচ্চিত্ৰ গৃহলৈ। আশা কৰাৰ দৰে ছলমানৰ টাইগাৰ জিন্দা হ্যেই প্ৰৱেশ কৰিলে ৩০০ কোটিৰ ঘৰত। প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰ পৰ্য্যন্ত চলচ্চিত্ৰখনে উপাৰ্জন কৰিছে ৩০৯.১৬ কোটি টকা। মন কৰিবলগীয়া যে বিগত ২২ ডিচেম্বৰত চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। এই চলচ্চিত্ৰখনৰ প্ৰথমখন চিকুৱেল এক থা টাইগাৰেও ব্যাপক জনপ্ৰিয়তা অর্জন কৰিবলৈ সক্ষম হৈছিল। এইবাৰো ব্যতিক্ৰম নঘটিল টাইগাৰ জিন্দা হ্যেৰ ক্ষেত্ৰত।