-->

চীনত খলকনিৰ সৃষ্টি আমিৰৰ ছিক্ৰেট ছুপাৰষ্টাৰৰ : ৫০০ কোটি টকা উপাৰ্জনৰ পথত

চীনত খলকনিৰ সৃষ্টি আমিৰৰ ছিক্ৰেট ছুপাৰষ্টাৰৰ : ৫০০ কোটি টকা উপাৰ্জনৰ পথত

হলিউডৰ চলচ্চিত্ৰৰ পিচতে চীনত এইবাৰ ভাৰতীয় চলচ্চিত্ৰৰো জয়যাত্ৰা আৰম্ভ হৈছে। আমিৰ খানৰ বহুচর্চিত ডংগল চলচ্চিত্ৰখনে চীনত অভাৱনীয় জনপ্ৰিয়টা লাভ কৰাৰ পিচতে দেশখনত ভাৰতীয় চলচ্চিত্ৰৰ চাহিদা বৃদ্ধি পাইছে। একেদৰে ডংগলৰ পিচতে নিশাটোৰ ভিতৰতে আমিৰ খান চীনৰ দৰ্শকৰ পৰিচিত হৈ পৰে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নঘটিল আমিৰ খানৰ ক্ষেত্ৰত। শেহতীয়াকৈ চীনত মুক্তিলাভ কৰিছিল আমিৰ খান অভিনীত ছিক্ৰেট ছুপাৰষ্টাৰ ছবিখনে। ভাৰতত মধ্যয়মীয়া ব্যৱসায় কৰা চলচ্চিত্ৰখনে চীনত লাভ কৰিছে অভাৱনীয় জনপ্ৰিয়তা। প্ৰাপ্ত তথ্য অনুসৰি মাত্ৰ কেইদিনমানৰ ভিতৰতে চলচ্চিত্ৰখনে ৪৫০ কোটি টকাৰো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। মুক্তি লাভ কৰাৰ মাত্ৰ চাৰিদিনৰ পিচতে এই অভাৱনীয় ব্যবসায় কৰিবলৈ সক্ষম হোৱাৰ পিচতে চলচ্চিত্ৰখনে এহেজাৰ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰ সম্ভাৱনা ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে। উল্লেখ্য যে ছিক্ৰেট ছুপাৰষ্টাৰত আমিৰে মুখ্য চৰিত্ৰত অভিনয় কৰা নাছিল যদিও চলচ্চিত্ৰখনে দৰ্শকক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে আমিৰৰ ডংগল চলচ্চিত্ৰখনে চীনত ১৫০০ কোটিৰো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। যি আছিল ভাৰতীয় চিনেমা জগতৰ বাবে এক নতুন অভিলেখ।