-->

ছলমান খানৰ মন্তব্য: যিসকলে যুদ্ধ বিচাৰে তেওঁলোকৰ হাতত বন্দুক তুলি দিব লাগে

ছলমান খানৰ মন্তব্য: যিসকলে যুদ্ধ বিচাৰে তেওঁলোকৰ হাতত বন্দুক তুলি দিব লাগে

ভাৰতৰ বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন সময়ত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'বলৈ মন্তব্য আগবঢ়াই থকাৰ বিৰুদ্ধে মাত মাতিছে অভিনেতা ছলমান খানে। ৰাজনৈতিক নেতাসকলৰ এনেধৰণৰ মন্তব্যক আক্ৰমণৰ লক্ষ্য কৰি ছলমান খানে কয় যে যিসকলে যুদ্ধৰ আদেশ দিয়ে, তেওঁলোকৰ হাতত বন্দুক তুলি দিব লাগে। টিউবলাইট ছবিৰ প্ৰমোচনৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় - 'যুদ্ধৰ আদেশ দিয়াসকলৰ হাতত বন্দুক তুলি দিলে তেওঁলোকৰ হাত কঁপিবলৈ ধৰিব আৰু তেতিয়াই যুদ্ধৰ সলনি দুয়ো পক্ষৰ মাজত আলোচনা হ'ব।' ছলমান খানৰ মতে এজন সৈনিকৰ মৃত্যুৰ ফলত সৈনিকজনৰ পিতৃ-মাতৃ, পৰিয়ালৰ অৱস্থা অতি কষ্টকৰ হয়।