-->

অভিনেত্ৰী সাগৰিকা ঘাটগে আৰু ক্ৰিকেট তাৰকা জাহিৰ খানৰ বিবাহ সম্পন্ন

অভিনেত্ৰী সাগৰিকা ঘাটগে আৰু ক্ৰিকেট তাৰকা জাহিৰ খানৰ বিবাহ সম্পন্ন

ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ জাহিৰ খান আৰু অভিনেত্ৰী সাগৰিকা ঘাটকে বিবাহৰ পবিত্ৰ বান্ধোনেৰে বান্ধ খায়। জাহিৰ আৰু সাগৰিকাই মুম্বাইস্থিত ঘৰত ৰেজিষ্টাৰ্ড মেৰেজ কৰে। অনুষ্ঠানটোত সাগৰিকা আৰু জাহিৰৰ ঘনিষ্ঠ বন্ধুসকলৰ উপৰি পৰিয়ালৰ লোকসকলো উপস্থিত আছিল। অনুষ্ঠানটোত প্ৰাক্তন খেলুৱৈ আশিস নেহৰাও উপস্থিত আছিল। তদুপৰি সাগৰিকাৰ বান্ধৱী আৰু চক দে ইন্ডিয়াত সহ শিল্পী হিচাপে থকা বিদ্যা মালৱড়েও এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে আৰু ছ'ছিয়েল মিডিয়াত জাহিৰ আৰু সাগৰিকাৰ বিবাহৰ ফটো শ্বেয়াৰ কৰে। উল্লেখ্য যে সাগৰিকা আৰু জাহিৰৰ ৱেডিং ৰিচেপছন ২৭ নৱেম্বৰত মুম্বাইস্থিত তাজমহল পেলেচত সম্পন্ন হয়। কিছুদিন পূৰ্বে বিদ্যাই ছ'ছিয়েল মিডিয়াত ৰিচেপছনৰ কাৰ্ড শ্বেয়াৰ কৰিছিল।