-->

ৰোহিত চেট্টিৰ মন্তব্য: ছিক্ৰেট ছুপাৰষ্টাৰ ভাল ছবি নহয়, মহান ছবি হ’ব

ৰোহিত চেট্টিৰ মন্তব্য: ছিক্ৰেট ছুপাৰষ্টাৰ ভাল ছবি নহয়, মহান ছবি হ’ব

প্ৰতিবছৰৰ দৰে এইবাৰো দিপাৱলীৰ সময়ছোৱাত দুখনকৈ হিন্দী ছবিয়ে ভুমুকি মাৰিব। আমিৰ খান প্ৰযোজিত আৰু অভিনীত ছিক্ৰেট ছুপাৰষ্টাৰ আৰু দিপাৱলীৰ অন্যতন জনপ্ৰিয় ফ্ৰেন্সাইজী ছবি গ'লমাল এগেইন। অৱশ্যে এইবাৰৰ দুই ছবিৰ প্ৰযোজক-পৰিচালক তথা অভিনেতাসকলে সকলোধৰণৰ নেতিবাচক কথা বাদ দি এই দুয়োখন ছবিৰ একেদিনাই মুক্তিলাভৰ কথাতো ইতিবাচকভাৱে লৈছে আৰু সংবাদ মাধ্যমকো কোনোধৰণৰ নেতিবাচক বাতৰি পৰিবেশন নকৰিবলৈ অনুৰোধ জনাইছে। অলপতে গ'লমাল এগেইন ছবিৰ পৰিচালক ৰোহিত চেট্টিক এই সন্দৰ্ভত প্ৰশ্ন কৰোঁতে কয়, 'দুয়োখন ছবিয়েই দুটা বেলেগ জ'নাৰৰ ছবি। সেয়েহে দুয়োখন ছবিয়েই দৰ্শকে আদৰি ল'ব বুলি তেওঁ আশাবাদী।' লগতে ছিক্ৰেট ছুপাৰষ্টাৰ সম্পৰ্কত তেওঁ কয় যে ছিক্ৰেট ছুপাৰষ্টাৰ কেৱল এখন ভাল ছবিয়ে নহয়, নিশ্চিতভাৱে এখন মহান ছবি হ'ব। আনহাতে আমিৰ খানেও এই সম্পৰ্কত প্ৰশ্ন কৰোতে কয় যে দুয়োখন ছবিয়েই বক্স অফিচত সফল হ'ব বুলি তেওঁ দৃঢ় বিশ্বাসী। অৱশ্যে গ'লমাল ফ্ৰেন্সাইজীৰ মুখ্য অভিনেতা অজয় দেৱগণে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মুখ খোলা নাই।