-->

মৃত্যুৰ পূৰ্বে পাকিস্তানলৈ যোৱাৰ ইচ্ছা বিশিষ্ট অভিনেতা ঋষি কাপুৰৰ

মৃত্যুৰ পূৰ্বে পাকিস্তানলৈ যোৱাৰ ইচ্ছা বিশিষ্ট অভিনেতা ঋষি কাপুৰৰ

মৃত্যৰ পূৰ্বে এবাৰ পাকিস্তানলৈ যোৱাৰ ইচ্ছা অভিনেতা ঋষি কাপুৰৰ। ছ'ছিয়েল মিডিয়াত সঘনাই বিতৰ্কিত মন্তব্য দি চৰ্চাৰ মাজত থকা অভিনেতাগৰাকীৰ এই পাকিস্তান প্ৰীতিৰ আঁৰত আছে অৱশ্যে আন এক কাৰণহে। কিয়নো ঋষি কাপুৰৰ উপৰিপুৰুষ পাকিস্তানৰ। টুইটাৰত এই কথা সদৰী কৰি তেওঁ কয় যে বৰ্তমান তেওঁৰ বয়স ৬৫ বছৰ। এই কথা তেওঁ গ্ৰহণ কৰিছে যে তেওঁ এতিয়া বয়সিয়াল হ'ল। সেয়েহে এই মুহূৰ্তত তেওঁৰ এটাই ইচ্ছা যে মৃত্যুৰ পূৰ্বে তেওঁ পাকিস্তানত এবাৰ ভৰি দিব পাৰে। একেদৰে নিজৰ সতী-সন্ততীকো পূৰ্বপুৰুষৰ জন্মস্থান দেখুৱাব পাৰে। উল্লেখ্য যে ঋষি কাপুৰৰ পূৰ্বপুৰুষৰ বাসস্থান আছিল লাইলাপুৰত। যি স্থানক বৰ্তমান জনা যায় ফৈছলাবাদ হিচাপে।