-->

পদ্মাৱতীৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত

পদ্মাৱতীৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত

সঞ্জয় লীলা ভাঞ্চালীৰ বহু বিতৰ্কিত ছবি পদ্মাৱতীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা প্ৰতিবাদে আজি মহাৰাষ্ট্ৰৰ ছুৰাট চহৰক স্পৰ্শ কৰে। আজি ছুৰাটত ৰাজপুত সম্প্ৰদায়, বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু কাৰ্ণি সেনাই ঐক্যবদ্ধভাৱে ছবিখনৰ মুক্তিৰ প্ৰতিবাদ জনায়। অহা ১ ডিচেম্বৰত মুক্তিলাভ কৰিবলগীয়া ছবিখনত ৰাণী পদ্মাৱতীক লৈ ভালেমান অপত্তিজনক দৃশ্য উপস্থাপন কৰা হৈছে বুলি ৰাজপুত সম্প্ৰদায়ে অভিযোগ কৰিছে। আনকি ছবিখনে ৰাজপুতৰ ইতিহাসো বিকৃত কৰা বুলি অভিযোগ উত্থাপিত হৈছে। ছবিখনৰ পৰা আপত্তিজনক দৃশ্যসমূহ আঁতৰাই নিদিয়ালৈ এইখনৰ মুক্তিত বাধা দিব বুলি ঘোষণা কৰিছে প্ৰতিবাদী সংগঠনসমূহে। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ছবিখনৰ মুক্তিত স্থগিতাদেশ জাৰি নকৰে বুলি ঘোষণা কৰিছিল।