-->

পেহলাজ নিহালনীক অপসাৰণ: চি বি এফ চিৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত হ’ব প্ৰসুন যোশী

পেহলাজ নিহালনীক অপসাৰণ: চি বি এফ চিৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত হ’ব প্ৰসুন যোশী

কেন্দ্ৰীয় ছেণ্ট্ৰেল ব'ৰ্ড অব ফিল্ম চাৰ্টিফিকেচন (চি বি এফ চি)ৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিবলগা হ'ল পেহলাজ নিহালিনীয়ে। চি বি এফ চিৰ এজন সদস্য তথা চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে কালি এই কথা প্ৰকাশ কৰি কয় যে নিহলানিৰ স্থানত অধ্যক্ষ হিচাপে নিযুক্ত হ'ব বলিউডৰ গীতিকাৰ, চিত্ৰনাট্য লেখক, বিজ্ঞাপন গুৰু প্ৰসুন যোশী। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে মন্ত্ৰালয়ৰ দায়িত্ব লোৱাৰ পিচত নিহলানীক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। ২০১৪ চনৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ' নিৰ্মাণ কৰা নিহালানীয়ে শেহতীয়াকৈ কৰা স্বেচ্ছাচাৰী কাম-কাজে বিভিন্ন মহলক ক্ষুব্ধ কৰি তুলিছিল আৰু বিতৰ্কৰ ঢৌ তুলিছিল।