পাকিস্তানত নিষিদ্ধ হ’ল অনুস্কাৰ বহুচর্চিত চলচ্চিত্ৰ ‘পৰী’

পাকিস্তানত নিষিদ্ধ হ’ল অনুস্কাৰ বহুচর্চিত চলচ্চিত্ৰ ‘পৰী’

অক্ষয় কুমাৰ অভিনীত বহুচর্চিত পেডমেন নামৰ চলচ্চিত্ৰখন পাকিস্তানত নিষিদ্ধ কৰাৰ পাছত এইবাৰ পুনৰ নিষিদ্ধ কৰা হ'ল আন এখন বলিউডৰ চলচ্চিত্ৰ। অনুস্কা শৰ্মা অভিনীত 'পৰী' নামৰ চলচ্চিত্ৰখন দেশখনত নিষিদ্ধ কৰা হৈছে। উল্লেখ্য যে চলচ্চিত্ৰখন কালি বিশ্বজুৰি মুক্তি দিয়া হৈছে। মুক্তিৰ প্ৰথম দিনটোতে দৰ্শক তথা সমালোচকৰ পৰা উচ্চ প্ৰশংসিত হোৱা চলচ্চিত্ৰখন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত নিষিদ্ধ কৰা হ'ল। পাকিস্তানৰ চেঞ্চৰ ব'ৰ্ডে এই কথা প্ৰকাশ কৰি কয় যে 'পৰী' চলচ্চিত্ৰখন যি বিষয়বস্তুৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে, সেয়া ইছলাম ধৰ্মৰ সম্পূৰ্ণ পৰিপন্থী। এই চলচ্চিত্ৰখন ব্লেক মেজিক অথবা কলা যাদুৰ ওপৰত আধাৰিত। কিন্তু ইছলাম ধৰ্মত এই কলা যাদু সম্পূৰ্ণৰূপে নিষিদ্ধ। একেদৰে চলচ্চিত্ৰখনত ইছলাম ধৰ্মাৱলম্বীৰ আবেগ-অনুভূতিক আঘাত কৰিব পৰাকৈ বহু বিষয় সন্নিৱিষ্ট কৰা হৈছে। সেয়ে পাকিস্তানৰ চেঞ্চৰ ব'ৰ্ডে চলচ্চিত্ৰখন পাকিস্তানত মুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলে।