অহা ২৫ জানুৱাৰীত ‘পদ্মাৱতী’ মুক্তিলাভ কৰিব নতুন নাম ‘পদ্মাৱত’ হিচাপে

অহা ২৫ জানুৱাৰীত ‘পদ্মাৱতী’ মুক্তিলাভ কৰিব নতুন নাম ‘পদ্মাৱত’ হিচাপে

বহু বিবাদ আৰু বিতৰ্কৰ অন্তত 'পদ্মাৱতী'ৰ পথ নিষ্কণ্টক হৈছে। বলিউডৰ বহুচর্চিত আৰু বিগ বাজেটৰ এই ছবিখনৰ প্ৰয়োজনৰ লগত জড়িত এটা সূত্ৰই প্ৰকাশ কৰামতে অহা ২৫ জানুৱাৰীত ছবিখনে 'পদ্মাৱত' নামেৰে মুক্তি লাভ কৰিব। ইতিমধ্যে কেন্দ্ৰীয় চেন্সৰ বোৰ্ডে ছবিখনৰ কাহিনীৰ কিছু সালসলনি ঘটাবলৈ নামটো 'পদ্মাৱত'লৈ পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল। ছবিখনৰ নিৰ্মাতা তথা পৰিচালক সঞ্জয়লীলা ভাঞ্চালিয়ে মুক্তিৰ দিন সম্পৰ্কে ৰাজহুৱা ঘোষণা কৰা নাই। জানিব পৰামতে নিৰ্মাতাই ছবিখন ২৬ জানুৱাৰীৰ পূৰ্বে মুক্তি দিব বিচাৰে। আনহাতে ৰাজস্থানত ছবিখনক লৈ বিতৰ্ক আৰু উত্তেজনাৰ শাম কটা নাই। ৰাজস্থানৰ ঐতিহাসিক চৰিত্ৰক বিকৃত কৰাৰ অভিযোগত বিভিন্ন মহল এতিয়াও সৰৱ হৈ আছে। এনে প্ৰেক্ষাপটত ৰাজস্থানে সদ্যহতে 'পদ্মাৱত'ক এই ৰাজ্যখনত মুক্তি নিদিবলৈ সিদ্ধান্ত লৈছে।