-->

বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হ’ব মুন্না ভাই-৩

বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হ’ব মুন্না ভাই-৩

সঞ্জয় দত্ত আৰু আৰশ্বাদ ৱাৰসী অভিনীত মুন্না ভাই ছিৰিজৰ ছবিকেইখনে দৰ্শকক যথেষ্ট আমোদ দিছিল। এতিয়া মুন্না ভাই ছিৰিজৰ তৃতীয়খন ছবিৰ প্ৰস্তুতি চলি আছে। চিত্ৰনাট্যকাৰ অভিজাত যোশীয়ে এই সম্পৰ্কত কয়, 'লগে ৰহো মুন্নাভাইৰ দৰে বিষয়বস্তুৰ আধাৰত কাম কৰাটো সহজ নহয়। সবাতোকৈ কঠিন কামটো হ'ল লগে ৰহো মুন্না ভাইত আমি যি কৰিলো সেয়া পুনৰবাৰ কৰাটো। কিন্তু আমি এনেকুৱা বিষয়বস্তুৰ সন্ধানত আছো যিটো লগে ৰহো মুন্নাভাইৰ নিচিনা উচ্চখাপৰ হয়। আমাৰ হাতত এটা কাহিনী আছে। এয়া ভিন্ন আৰু আধুনিক। প্ৰথম ছবি মুন্নাভাই এম বি বি এছ মেডিকেল প্ৰফেচনৰ ওপৰত নিৰ্মাণ হৈছিল। আনহাতে মুন্নাভাই ছিৰিজৰ দ্বিতীয়খন ছবি লগে ৰহো মুন্নাভাই, মহাত্মা গান্ধীৰ আদৰ্শ, শান্তি আৰু অহিংস নীতিৰ আধাৰত নিৰ্মিত হৈছিল। আমি এইবাৰ বাস্তৱ কাহিনী এটা লৈ আহিম, কিন্তু মুন্নাভাইৰ ষ্টাইলত। আমাৰ হাতত যিটো কাহিনী আছে তাৰ ওপৰত আমি একেৰাহে কাম কৰি আছো আৰু সমগ্ৰ টীমতো খুবেই উৎসাহী হৈ আছে।