অভিনেতা ইৰফান খান আক্ৰান্ত বিৰল ৰোগত

অভিনেতা ইৰফান খান আক্ৰান্ত বিৰল ৰোগত

এক বিৰল ৰোগত আক্ৰান্ত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খান। কিন্তু এই ৰোগনো কি সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। সোমবাৰে ছ'ছিয়েল মিডিয়াত তেওঁ এনে এক বিৰল ৰোগত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰে নিজে। টুইটাৰত এই কথা প্ৰকাশ কৰি ৫১ বৰ্ষীয় অভিনেতাগৰাকীয়ে কয় যে শেহতীয়াকৈ তেওঁৰ জীৱন যেন হৈ পৰিছে এক ৰহস্যময়। পুৱা শুই উঠাৰ পাছতেই এক আচৰিত পৰিস্থিতিৰ সন্মুখীন হয় তেওঁ। বিগত ১৫ দিনৰ পৰা তেওঁৰ জীৱনটো যেন হৈ পৰিছে কোনো এক ৰহস্যঘন ছবিৰ কাহিনীহে। উক্ত বিশেষ ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে। এই ৰোগৰ সবিশেষ তেওঁ সময়ত সকলোকে জনাব বুলিও টুইটাৰত উল্লেখ কৰে।