-->

৪৪ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোছনে

৪৪ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোছনে

বুধবাৰে ৪৪ বছৰত ভৰি দিলে বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোছনে। নিজ পৰিয়ালৰ লগতে একাংশ ঘনিষ্ঠ বন্ধু-বান্ধৱৰ সৈতে তেওঁ জন্মদিন উদযাপন কৰে। একেদৰে হৃত্বিকৰ জন্মদিন উপলক্ষে তেওঁক ছ'ছিয়েল মিডিয়াত শুভেচ্ছাঁৰে উপচাই পেলাইছে বলিউডৰ অধিকাংশ তাৰকাৰ লগতে দেশ-বিদেশত থকা তেওঁৰ গুণমুগ্ধসকলে। তেওঁক শুভেচ্ছা জনোৱা বলিউড তাৰকাসকলৰ ভিতৰত অন্যতম হ'ল - সোণম কাপুৰ, অক্ষয় কুমাৰ, টাইগাৰ শ্রফ, শ্ৰদ্ধা কাপুৰ, কৰণ জোহৰ আদি। উল্লেখ্য যে বলিউডৰ ৰোছন পৰিয়ালত জন্মগ্ৰহণ কৰা ঋত্বিকৰ পিতৃ হ'ল এসময়ৰ জনপ্ৰিয় অভিনেতা ৰাকেশ ৰোছন। পিতৃয়ে পৰিচালনা কৰা ছবি 'কহো না প্যাৰ হে' নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছিল ঋত্বিকে। প্ৰথমখন ছবিতে ব্যাপক সফলতাৰ পাছতে নিশাটোৰ ভিতৰতে নায়কৰ শাৰীলৈ উত্তৰণ ঘটিছিল অভিনেতাগৰাকীৰ।