অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বলিউডৰ দুই সদ্য প্ৰয়াত অভিনেতা শশী কাপুৰ আৰু অভিনেত্ৰী শ্ৰীদেৱীক স্মৰণ

অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বলিউডৰ দুই সদ্য প্ৰয়াত অভিনেতা শশী কাপুৰ আৰু অভিনেত্ৰী শ্ৰীদেৱীক স্মৰণ

সদ্য প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী তথা একালৰ বলিউডৰ জনপ্ৰিয় অভিনেতা শশী কাপুৰক অস্কাৰৰ মঞ্চত বিশেষভাৱে স্মৰণ কৰা হয়। সোমবাৰে ডলবী থিয়েটাৰত আৰম্ভ হয় ৯০ সংখ্যক একাডেমী এৱাৰ্ড। এই অনুষ্ঠানতে 'ইন মেম'ৰী' শিতানত বলিউডৰ দুই জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীলৈ বিশেষভাৱে শ্ৰদ্ধা জনোৱা হয়। এই অনুষ্ঠানতে এটা বিশেষ ভিডিঅ' প্ৰদৰ্শন কৰা হয়। য'ত ২-৩ মিনিটৰ এটা মিউজিকেল ট্ৰিবিউট তুলি ধৰা হৈছিল। বিশেষকৈ দুয়োজন তাৰকাৰ বলিউডৰ যাত্ৰা, তেওঁলোকৰ বিভিন্ন জনপ্ৰিয় ছবিসমূহৰ লগতে চিনেমা জগতলৈ তেওঁলোকৰ অৱদানৰ বিষয়ে এই ভিডিঅ'টোত উপস্থাপন কৰা হৈছিল। মন কৰিবলগীয়া যে অলপতে শ্ৰীদেৱী প্ৰয়াত হোৱাৰ বিপৰীতে ২০১৭ চনৰ ডিচেম্বৰত মৃত্যু ঘটিছিল শশী কাপুৰৰ।