-->

দীপিকা পাডুকনৰ মন্তব্য : পদ্মাৱত ছবিৰ জৰিয়তে জোহৰ প্ৰথাৰ প্ৰচাৰ কৰা হোৱা নাই

দীপিকা পাডুকনৰ মন্তব্য : পদ্মাৱত ছবিৰ জৰিয়তে জোহৰ প্ৰথাৰ প্ৰচাৰ কৰা হোৱা নাই

বহু বিতৰ্কিত চলচ্চিত্ৰ পদ্মাৱতৰ সাফল্যৰ পিচতে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত মুখ খুলিছে অভিনেত্ৰী দীপিকা পাডুকনে। চলচ্চিত্ৰখনক লৈ দেশজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতে এই সম্পৰ্কত চলচ্চিত্ৰখনৰ সৈতে জড়িত কোনো শিল্পী বা কলা-কুশলীয়ে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাছিল। পিছে সকলো বাধা আঁতৰাই চলচ্চিত্ৰখনে মুক্তিলাভ কৰাৰ পিচত বুধবাৰে দীপিকা পাডুকনে স্পষ্ট কৰি দিছে যে এই চলচ্চিত্ৰখনৰদ্বাৰা জোহৰ প্ৰথাৰ প্ৰচাৰ কৰিব বিচৰা নাই। উল্লেখ্য যে ৰাজস্থানত অতীজতে থকা এই প্ৰথা অনুসৰি যেতিয়া কোনো শত্ৰুৱে ৰাজপুতক পৰাভূত কৰে, তাৰ পিছতে শত্ৰুৱে ধৰি নিয়াৰ পূৰ্বে ৰাজস্থানৰ মহিলাসকলে সমূহীয়াভাৱে আত্মহত্যা কৰে। ডাঙৰকৈ জুই জ্বলাই মহিলাসকলে উক্ত জুইত জঁপিয়াই আত্মহত্যা কৰে। এই প্ৰথা চলচ্চিত্ৰখনত দেখুওৱা হৈছে যদিও নাৰীৰ মৰ্যাদা লাঘৱকাৰী এই নৃশংস প্ৰথাৰ কথা প্ৰচাৰ কৰিব বিচৰা নাই বুলি বুধবাৰে স্পষ্ট কৰি দিলে অভিনেত্ৰী দীপিকা পাডুকনে। উল্লেখ্য যে বৰ্তমান চলচ্চিত্ৰখনে দেশ-বিদেশত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।