-->

পদ্মাৱতী’ক নিষিদ্ধ কৰাৰ দাবী বিজেপি নেতাৰ

পদ্মাৱতী’ক নিষিদ্ধ কৰাৰ দাবী বিজেপি নেতাৰ

মুক্তিৰ পূৰ্বে একাধিক বিতৰ্কত সোমাই পৰা সঞ্জয় লীলা বাঞ্চালীৰবহুচর্চিত চলচ্চিত্ৰ 'পদ্মাৱতী'ক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰি পুনৰ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটালে এগৰাকী বিজেপি নেতাই। জ্যেষ্ঠ বিজেপি নেতা ৰাজ পুৰোহিতে বৃহস্পতিবাৰে চলচ্চিত্ৰখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰি কয় যে দেশৰ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰালয়ে এই চলচ্চিত্ৰখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও আন এগৰাকী বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী জয়কুমাৰ ৰাৱালেও এই চলচ্চিত্ৰখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছিল। বৃহস্পতিবাৰে পুৰোহিতে 'পদ্মাৱতী'ৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে প্ৰকাশ কৰে যে এই চলচ্চিত্ৰখনত ইতিহাস বিকৃত কৰা হৈছে। সেয়ে চলচ্চিত্ৰখন নিষিদ্ধ হোৱা উচিত। মন কৰিবলগীয়া যে দীপিকা পাডুকন, ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰ অভিনীত এই চলচ্চিত্ৰখন ৰাজপুটৰ ৰাণী পদ্মাৱতী আৰু দিল্লীৰ চুলতান আলাউদ্দিন খিলজীৰ জীৱনৰ এছোৱা সময়ক লৈ নিৰ্মাণ কৰা হৈছে।