-->

অজয় দেৱগণৰ ‘বাদশ্বাহ’ৰ’ ট্ৰেইলাৰ মুক্তি পাব ছলমানৰ ‘টিউবলাইট’ৰ লগত

অজয় দেৱগণৰ ‘বাদশ্বাহ’ৰ’ ট্ৰেইলাৰ মুক্তি পাব ছলমানৰ ‘টিউবলাইট’ৰ লগত

মিলন লুথাৰিয়া পৰিচালিত অজয় দেৱগণ, ইমৰান হাচমী, বিদ্যুৎ ঝামৱাল অভিনীত বাদশ্বাহ'ৰ ট্ৰেইলাৰ মুক্তি পাব ছলমান খানৰ ঈদত মুক্তিলাভ কৰিবলগীয়া টিউবলাইটৰ লগত। আনহাতে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান অভিনীত 'জব হেৰী মেটছ সেজল' ছবিখনৰ ট্ৰেইলাৰো মুক্তি দিব টিউবলাইটৰ লগত। অৰ্থাৎ শ্বাহৰুখ আৰু অজয় দুয়ো দৰ্শকৰ ওচৰ চাপিবলৈ বন্ধু ছলমানৰ সহায়ৰ প্ৰয়োজন। উল্লেখযোগ্য যে অহা ১ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব 'বাদশ্বাহ'ৱে'। এতিয়া সকলো অজয় দেৱগণৰ অনুৰাগীয়ে আগ্ৰহেৰে বাট চাই ৰৈছে 'বাদশ্বাহ'ৰ' ট্ৰেইলাৰলৈ।