-->

কানাডা চলচ্চিত্ৰ মহোৎসৱ: অসমৰ কিশোৰী নিয়ৰে জিনিলে শ্রেষ্ট অভিনেত্ৰীৰ সন্মান

কানাডা চলচ্চিত্ৰ মহোৎসৱ: অসমৰ কিশোৰী নিয়ৰে জিনিলে শ্রেষ্ট অভিনেত্ৰীৰ সন্মান

ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ কিশোৰী অভিনেত্ৰী নিয়ৰ শইকীয়াই এইবাৰ কানাডাৰ ম'ণ্ট্ৰিলত অনুষ্ঠিত বিশ্ব চলচ্চিত্ৰ মহোৎসৱত জয় কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। মানৱ সৰবৰাহৰ এক হৃদয়স্পৰ্শী কাহিনীৰ আধাৰত আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক জেন ছাৰ্লছ আৰু পৰিচালক জেফ্ৰি ডি ব্ৰাউনে নিৰ্মাণ কৰা 'ছ'ল্ড' ছবিখনে উক্ত চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে আৰু ছবিখনত কেন্দ্ৰীয় কিশোৰী চৰিত্ৰটো ৰূপায়ন কৰা নিয়ৰ শইকীয়াই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰিছে। কালি উল্লিখিত বিশ্ব চলচ্চিত্ৰ মহোৎসৱৰ কতৃপক্ষই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।