-->

আজি মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি ‘প্ৰিয়াৰ প্ৰিয়’ই: দেশজুৰি দৰ্শকৰ বিপুল সঁহাৰি

আজি মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি ‘প্ৰিয়াৰ প্ৰিয়’ই: দেশজুৰি দৰ্শকৰ বিপুল সঁহাৰি

অসমীয়া ছবি উদ্যোগৰ বাবে সুখৰ খবৰ কঢ়িয়াই আজি মুক্তিলাভ কৰে নতুন অসমীয়া কথাছবি 'প্ৰিয়াৰ প্ৰিয়'ই। অসমৰ লগতে দেশৰ বিভিন্ন চিত্ৰগৃহত মুক্তিলাভ কৰিলে ছবিখনে। আজান ফিল্মছৰ বেনাৰত বিশিষ্ট প্ৰযোজক আব্দুল মান্নান ফাৰুকে প্ৰযোজনা কৰা এই নতুন অসমীয়া ছবিখনত প্ৰাঞ্জল শইকীয়া, জুবিন গাৰ্গ, গুঞ্জন ভাৰদ্বাজ, বিকি, নিকুমণি বৰুৱা, নৱাগত আৰাধনা বুঢ়াগোহাঁই আৰু সুনিতা কৌশিকৰ লগতে বহুতো জনপ্ৰিয় অভিনেতাই অভিনয় কৰিছে। অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ এয়া ১৪ সংখ্যক ছবি। ইয়াৰ পূৰ্বে বহু বহু জনপ্ৰিয় ছবি অসমৰ দৰ্শকক উপহাৰ দিয়া পৰিচালকগৰাকীয়ে এই নতুন ছবিখন কমেডীধৰ্মী বুলি জানিবলৈ দিছে যদিও ছবিখনৰদ্বাৰা এক বিশেষ বাৰ্তা প্ৰেৰণাৰ প্ৰয়াস কৰা হৈছে বুলি জনায়। 

আজি পুৱাৰ পৰা সন্ধিয়ালৈ বিভিন্ন চিত্ৰগৃহত ছবিখন বহু সংখ্যক দৰ্শকে উপভোগ কৰি কয় যে অসমীয়া ছবি নিৰ্মাণত সাধাৰণতে যিসমূহ বিসংগতি পৰিলক্ষিত হয়, সেই বিসংগতিসমূহ সম্পূৰ্ণৰূপে মষিমূৰ কৰি এক নতুন বার্তাৰে নিৰ্মাণ কৰা হৈছে 'প্ৰিয়াৰ প্রিয়'। আনহাতে পুনেৰ এক চিত্ৰগৃহত ছবিখন উপভোগ কৰি এগৰাকী দৰ্শকে উচ্চ প্ৰশংসা কৰাৰ লগতে 'প্ৰিয়াৰ প্রিয়'ই অসমীয়া ছবি উদ্যোগৰ বাবে এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে।