-->

টুইটাৰ ত্যাগ কৰিব পাৰে মেগাষ্টাৰ অমিতাভ বচ্চনে

টুইটাৰ ত্যাগ কৰিব পাৰে মেগাষ্টাৰ অমিতাভ বচ্চনে

ছ'ছিয়েল মিডিয়া টুইটাৰ ত্যাগ কৰিব নেকি অমিতাভ বচ্চনে ? শেহতীয়াকৈ তেনে এক প্ৰশ্নই উৎসুকতাৰ সৃষ্টি কৰিছে অমিতাভপ্ৰেমীসকলৰ মাজত। শেহতীয়াকৈ অমিতাভ বচ্চনে টুইটাৰত এক মন্তব্য কৰিছিল যে টুইটাৰে তেওঁৰ অনুগামীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস কৰিলে। এয়া এক ধেমেলীয়া মন্তব্য বুলি লগতে তেওঁ কয় যে এতিয়া টুইটাৰৰ পৰা আঁতৰি অহাৰ সময় আহি পৰিল। একেদৰে ইমানদিনে তেওঁক টুইটাৰত লৈ ফুৰাৰ বাবেও তেওঁ টুইটাৰ কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে টুইটাৰত অমিতাভ বচ্চনৰ অনুগামীৰ সংখ্যা আছিল ৩৩ মিলিয়ন। পিছে শেহতীয়াকৈ তেওঁৰ অনুগামীৰ সংখ্যা কিছু হ্ৰাস পাইছে। বৰ্তমান তেওঁৰ অনুগামীৰ সংখ্যা ৩২.৯ মিলিয়ন। অৱশ্যে একাংশই এয়া অমিতাভৰ কৌতুক বুলিও অভিহিত কৰিছে।