-->

মুকলি কৰা হ’ল অক্ষয় কুমাৰৰ ‘কেশৰী’ৰ ফাৰ্ষ্ট লুক

মুকলি কৰা হ’ল অক্ষয় কুমাৰৰ ‘কেশৰী’ৰ ফাৰ্ষ্ট লুক

অক্ষয় কুমাৰৰ নতুন ছবি 'কেশৰী'ৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। ছবিখনৰ বাবে অক্ষয়ে তৰোৱাল যুজঁ শিকি থকা বুলিও অৱগত কৰে। 'কেশৰী'ক লৈ বহুদিন আগৰে পৰা চর্চা চলি আহিছিল। কিয়নো এই প্ৰজেক্টটোত পূৰ্বতে ছলমান খান আৰু কৰণ জোহৰো জড়িত আছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত ছলমান আঁতৰি আহে। জানিব পৰা মতে এই ছবিখনৰ কাহিনী 'বেটেল অব ছাৰাগঢ়ী'ৰ কাহিনীৰ আধাৰত ৰচিত। অক্ষয় কুমাৰে টুইটাৰৰ মাধ্যমেৰে ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি কৰি দিয়ে। তেওঁ ছবিখনত পাগুৰি পৰিধান কৰা এগৰাকী চৰ্দাৰৰ চৰিত্ৰত অভিনয় কৰিছে। এইবাৰ 'কেশৰী' ছবিখনত অক্ষয়ৰ লুকটো সম্পূৰ্ণ ভিন্ন। ছবিখন প্ৰযোজনা কৰিছে কৰণ জোহৰে, আনহাতে পৰিচালনা কৰিছে অনুৰাগ সিঙে। অক্ষয়ৰ চলিত বৰ্ষত 'গ'ল্ড' শীর্ষক ছবিখনো মুক্তিলাভ কৰিব।