-->

মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ প্ৰশংসনীয় পদক্ষেপ: ১০০০ শিশুৰ বাবে এবছৰৰ খাদ্য যোগান

মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ প্ৰশংসনীয় পদক্ষেপ: ১০০০ শিশুৰ বাবে এবছৰৰ খাদ্য যোগান

নিজৰ জন্মদিন উপলক্ষে এহেজাৰ শিশুক এবছৰৰ বাবে বিনামূলীয়াকৈ খাদ্য যোগান ধৰিব বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে। বিগত ১ নবেম্বৰত অভিনেত্ৰীগৰাকীয়ে ৪৪ বছৰত ভৰি দিছিল। জন্মদিন অতিক্ৰম কৰাৰ পিচতে জন্মদিনৰ লগত সংগতি ৰাখি তেওঁ এহেজাৰটা শিশুক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন এবছৰৰ বাবে দিয়াৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে মুম্বাইৰ আনমিত্ৰ ফাউণ্ডেচন নামৰ এটা সংস্থাৰ সহযোগত এই এহেজাৰ শিশুৰ মধ্যাহ্ন ভোজন যোগান ধৰিব অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে মুম্বাইত থকা ৫০০ ৰো অধিক বিদ্যালয়ত নিয়মীয়াকৈ মধ্যাহ্ন ভোজন যোগান ধৰা হয়। এই বিদ্যালয়সমূহৰ ভিতৰৰে এহেজাৰ শিশুক ঐশ্বৰ্যই দিব পুষ্টিকৰ খাদ্য। উল্লেখ্য যে মুম্বাইত এই শিশুসকলক মধ্যাহ্ন ভোজন যোগান ধৰি আহিছে ইক্সনে।