-->

৪জনৰ মৃত্যু, আহত ২০: দায়িত্ব স্বীকাৰ ইছলামিক ষ্টেটৰ

৪জনৰ মৃত্যু, আহত ২০: দায়িত্ব স্বীকাৰ ইছলামিক ষ্টেটৰ

কাবুলত টিভি চেনেলৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় । কালি আফঘনিস্তানৰ 'শ্বমছাদ টিভি' নামৰ এটা ব্যত্তিগত চেনেলৰ কাৰ্যালয়ত অতৰ্কিটে প্ৰৱেশ কৰি সন্ত্ৰসবাদীয়ে চলোৱা আক্ৰমণত নিৰাপত্তাৰক্ষীৰসহ চাৰিগৰাকীকৈ সংবাদ কৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন ২০জন গুৰুতৰভাৱে আহত হয় । আৰক্ষী সূত্ৰ মতে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । টিভি চেনেলটোৰ এগৰাকী শীৰ্ষ পৰ্য্যায়ৰ বিষয়ববীয়া এবেদ এহছাছে সদৰী কৰা মতে কালি পুৱা ১১:৪৫ বজাত আৰক্ষীৰ পোছাক পৰিহিত সন্ত্ৰাসবাদী দুজনীয়া দলটো কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেনেডেৰে আক্ৰমণ কৰি গুলিচালনা আৰম্ভ কৰে যাৰ ফলত ৪জনকৈ লোকৰ থিতাতে মৃত্যু ঘটে ।