-->

লেখিকা শোভা দে’-অৰুন্ধতী ৰয়-সাগৰিকা ঘোষসহ ৫ গৰাকীক হত্যাৰ ভাবুকি ছ’চিয়েল মিডিয়াত

লেখিকা শোভা দে’-অৰুন্ধতী ৰয়-সাগৰিকা ঘোষসহ ৫ গৰাকীক হত্যাৰ ভাবুকি ছ’চিয়েল মিডিয়াত

প্রসিদ্ধ কানাড়া সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ পিছত এইবাৰ 'ৰাষ্ট্ৰবিৰোধিতা'ৰ অভিযোগ সাংবাদিক-বুদ্ধিজীৱীসহ পাঁচজনক হত্যাৰ ভাবুকি দিয়া হৈছে ছ'ছিয়েল নেটৱৰ্কিং ছাইট ফে'চবুকত। এই ভাবুকি দিয়া হৈছে সাংবাদিক সাগৰিকা ঘোষৰ লগতে লেখিকা শোভা দে', অৰুন্ধতী ৰয়, কবিতা কৃষ্ণন আৰু চেহলা ৰশ্বিদক। ফে'চবুকত এই ভাবুকিৰ সন্মুখীন হোৱাৰ পিচতে কালি দিল্লী আৰক্ষীৰ চাইবাৰ শাখাত সাংবাদিক সাগৰিকা ঘোষে এজাহাৰ দাখিল কৰে। ঘোষে অভিযোগ কৰামতে, ফে'চবুকত 'বিক্ৰম আদিত্য ৰাণা' আৰু 'বিক্ৰম জে বি ৰাণা' নামে দুটা একাউন্টত থকা এজন লোকে তেওঁক হত্যাৰ ভাবুকি দিছে। মঙলবাৰে ৰাণাই নিজৰ ফে'চবুক প'ষ্টত 'ৰাষ্ট্ৰবিৰোধীতা'ৰ বাবে সাগৰিকা ঘোষসহ ৫ গৰাকীক হত্যাৰ ভাবুকি দিছিল।