নীৰৱ মোডীয়ে মুম্বাইৰ সাগৰৰ পাৰত প্ৰায় ৯০০ কোটিৰে ক্ৰয় কৰিছিল এপাৰ্টমেণ্ট

নীৰৱ মোডীয়ে মুম্বাইৰ সাগৰৰ পাৰত প্ৰায় ৯০০ কোটিৰে ক্ৰয় কৰিছিল এপাৰ্টমেণ্ট

মুম্বাইৰ ৱৰ্লি এলেকাৰ সাগৰৰ পাৰত থকা 'সমুদ্ৰ মহল' নামৰ অট্টালিকাটো অভিজাত লোকৰ আৱাস হিচাপে পৰিচিত। এই অট্টালিকাটোতে প্ৰায় ৯০০ কোটি টকাৰে প্ৰায় কেইবাটাও এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ মূল অভিযুক্ত নীৰৱ মোডীয়ে। এই এপাৰ্টমেণ্টসমূহৰ স্বত্বাধিকাৰী হিচাপে নীৰৱ মোডীৰ লগতে তেওঁৰ পত্নী এমি মোডীৰো নাম আছিল। সমুদ্ৰ মহলৰ এগৰাকী বাসিন্দাৰ মতে ইয়াৰে এটা এপাৰ্টমেণ্ট মোডীয়ে ২০০৬-০৭ চনৰ ভিতৰত কিনিছিল। উল্লেখ্য যে সমুদ্ৰ মহল টাৱাৰত মুঠ ৩০ টা মহলা আছে।