-->

ভাৰত চৰকাৰে অপেক্ষা কৰি আছে বিজয় মালিয়াৰ প্ৰত্যৰ্পণৰ বাবে

ভাৰত চৰকাৰে অপেক্ষা কৰি আছে বিজয় মালিয়াৰ প্ৰত্যৰ্পণৰ বাবে

দেশৰ কেইবাটাও বেংকৰ পৰা ৯ হাজাৰ কোটি টকা ঋণ লৈ ওভটাই নিদিয়া পলাতক ধনকুবেৰ তথা সুৰা সম্ৰাট বিজয় মালিয়াক ব্ৰিটেইনে ভাৰতৰ হাতত গতাই দিলে মুম্বাই আৰ্থাৰ ৰোডৰ কাৰাগাৰত মালিয়াক ৰখা হব । ইতিমধ্যে ভাৰতে মালিয়াৰ প্ৰত্যৰ্পণ সম্ভৱ হব বাকী প্ৰকাশ কৰিছে । উল্লেখনীয় যে অহা সপ্তাহত ব্ৰিটিছ আদালত এখনে মালিয়াৰ বিৰুদ্ধে থকা গোচৰৰ ৰায়দান কৰিব । মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণ কৰিব পৰা যায়নে নাই, সেই সন্দৰ্ভত ৰায়দান কৰিব আদালত খনে । লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰ দণ্ডাধীশৰ আদালতৰ তৰফৰ পৰা মালিয়াৰ গোচৰৰ ৰায়দানৰ পূৰ্বে নতুন দিল্লীৰ প্ৰশাসনে বিষয়টো সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ।