-->

সন্ত্ৰাসবাদীৰ তালিকাৰ লৰা নাম প্ৰত্যাহাৰ কৰক

সন্ত্ৰাসবাদীৰ তালিকাৰ লৰা নাম প্ৰত্যাহাৰ কৰক

লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাতা তথা জামাত-উড-দাৱা (জেইউডি)ৰ মুৰব্বী হাফিজ ছয়ীদে গোলকীয় সন্ত্ৰাসবাদীৰ তালিকাৰ পৰা নাম প্ৰত্যাহাৰৰ দাবী জনাই ৰাষ্ট্ৰসংঘত আবেদন জনাইছে । এগৰাকী ভাৰতীয় জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা অনুসৰি, মুম্বাইৰ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ছয়ীদে শেখতিয়াকৈ পাকিস্তানত গৃহবন্দীত্বৰ পৰা মুক্ত লাভ কৰাৰ পাছতেই বিশ্বৰ সৰ্বোচ্চ সংস্থাটোত আবেদন জনাই সন্ত্ৰাসবাদীৰ তালিকাৰ লৰা নাম কৰ্তন কৰিব বিচাৰিছে । ২০০৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে হাফিজ ছায়ীদক সংস্থাটোৰ সন্ত্ৰাসবাদীৰ তালিকাত স্থান দিছিল ।