-->

আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰী: মধ্যভোগী কাৰ্লোছ গেৰোছাক গ্ৰেপ্তাৰ

আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰী: মধ্যভোগী কাৰ্লোছ গেৰোছাক গ্ৰেপ্তাৰ

৩৬০০ কোটিটকীয়া আগষ্টা ৱেষ্টলেণ্ড ভি ভি আই পি হেলিকপ্টাৰ কেলেংকাৰীত মধ্যভোগীৰ ভূমিকা পালন কৰা ইউৰোপীয় নাগৰিক কাৰ্লোচ গেৰোছাক ইটালীত গ্ৰেপ্তাৰ কৰা হৈছে। এনফৰ্চমেণ্ট সঞ্চালকালয়ৰ পদক্ষেপৰ আধাৰত ইণ্টাৰপ'লে গেৰোছাক ধৰিবলৈ জাননী জাৰি কৰিছিল। গেৰোছাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সম্প্ৰতি এনফৰ্চমেণ্ট আৰু চি বি আয়ে উক্ত গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে। উক্ত গোচৰটোত ৭০ বছৰীয়া গেৰোছাকে ধৰি মুঠ তিনিওজন মধ্যেভোগীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা হৈছিল।