-->

উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰক মৃত্যুদণ্ডৰ পৰিৱৰ্তে বিকল্পৰ সন্ধান কৰিবলৈ জাননী

উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰক মৃত্যুদণ্ডৰ পৰিৱৰ্তে বিকল্পৰ সন্ধান কৰিবলৈ জাননী

মৃত্যুদণ্ডৰ বিলোপ কৰি অন্য বিকল্পৰ সন্ধান কৰাৰ বাবে নিৰ্দেশ দিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰে। অহা তিনি মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক মৃত্যুদণ্ডৰ পৰিৱৰ্তে অন্য বিকল্প শাস্তিৰ ব্যৱস্থা সন্দৰ্ভত নিজৰ স্থিতি দাঙি ধৰিবলৈ জাননীখনত উল্লেখ কৰা হয়। মুখ্য ন্যায়াধীশ দীপক মিশ্রৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে কালি অধিবক্তা ঋষি মলহোত্ৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰে।