-->

সন্ত্রাসবাদীক পুঁজি দিয়াৰ সন্দৰ্ভত শ্ৰীনগৰ-দিল্লীৰ ১৬ স্থানত নিয়াৰ তালাচী

সন্ত্রাসবাদীক পুঁজি দিয়াৰ সন্দৰ্ভত শ্ৰীনগৰ-দিল্লীৰ ১৬ স্থানত নিয়াৰ তালাচী

সন্ত্রাসবাদীৰ পুঁজি গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই কালি দিল্লী আৰু শ্ৰীনগৰৰ এঘৰটা আৰু দিল্লীৰ পাঁচটা স্থানত তালাচী চলোৱা হয়। এই আটাইবোৰ অভিযান জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ পুঁজি যোগান গোচৰ। শ্ৰীনগৰত বছিৰ আহমদ কানু, চৌকত আহমদ কালু, আব্দুল ৰচিদ ভাট, ফিৰদৌছ ইকবাল ৱানি আৰু ইমৰান কাউছাৰ বাসগৃহ-কাৰ্যালয়ত তালাচী চলে। আনহাতে দিল্লীত গংগা বিষণ গুপ্তা, ফিৰোজ আখতাৰ ছিদ্দিকী আৰু সুনীল কুমাৰ জৈনৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায়। যোৱা জুলাইত কাশ্মীৰ উপত্যকাত হিংসা বিয়পাবলৈ পাকিস্তানী সন্ত্রাসবাদীয়ে পুঁজি যোগান ধৰা গোচৰটোত কেইবাজনো বিচ্ছিন্নতাবাদী নেতাক গ্ৰেপ্তাৰ কৰিছিল নিয়াই।