-->

মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীৰ অবৈধ ধনৰ লেনদেনৰ গোচৰত ২০ কোটিৰ সম্পত্তি বাজেয়াপ্ত

মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীৰ অবৈধ ধনৰ লেনদেনৰ গোচৰত ২০ কোটিৰ সম্পত্তি বাজেয়াপ্ত

অবৈধ ধনৰ লেনদেনৰ গোচৰত সাঙোৰ খাই পৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছগন ভুজবলৰ ২০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ দিছে এনফৰ্চমেণ্ট সঞ্চালকালয়ে। মঙলাবাৰে সঞ্চালকালয়ে ভুজবলৰ ২০.৪১ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিবৰ বাবে জাননী জাৰি কৰিছে। মন কৰিবলগীয়া যে ইতিপূৰ্বেও এই গোচৰটোৰ সংক্ৰান্তত বৃহৎ পৰিমাণৰ ধন তথা সম্পত্তি বাজেয়াপ্ত কৰিছিল সঞ্চালকালয়ে। এইবাৰ এই ২০.৪১ কোটি টকাৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশৰ পিচতে এই গোচৰটোৰ সংক্ৰান্তত এতিয়ালৈকে মুঠ ১৭৮ কোটি টকা বাজেয়াপ্ত কৰিলে সঞ্চালকালয়ে। উল্লেখ্য যে এনে চি পিৰ এইগৰাকী নেতাই মহাৰাষ্ট্ৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়তে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল। ইয়াৰ পিচতে তেওঁক গ্ৰেপ্তাৰ কৰে সঞ্চালকালয়ে।