-->

এ চি এছ-এ পি এছ-সংলগ্ন সেৱাৰ ১৬ বিষয়াক গ্ৰেপ্তাৰ

এ চি এছ-এ পি এছ-সংলগ্ন সেৱাৰ ১৬ বিষয়াক গ্ৰেপ্তাৰ

কালিৰ মাজনিশাৰ পৰা আজি দিনটোলৈ ৰাজ্যৰ ইতিহাসত সৰ্ববৃহৎ দুৰ্নীতিবিৰোধী অভিযান চলালে অসম আৰক্ষীয়ে । দুৰ্নীতি বিৰুদ্ধে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘোষণা কৰা 'জিৰ টলাৰেন্স' নীতিক বাস্তৱ ৰূপ দি ৰাজ্যজুৰি অসম আৰক্ষীয়ে চাই এই অভিযান । কালি মাজনিশাৰ পৰা আজি কাহিলিপুৱালৈ চলা সন্তপূৰ্ণ অভিযানত আৰক্ষীৰ জালত পৰিল ১৬জন কৈ ৰাজপত্ৰিত বিষয়া । অসম লোকসেৱা আয়োগৰ ৰাকেশ পালে খুলি লোৱা বজাৰৰ পৰা চাকৰি ক্ৰয় কৰা দুৰ্নীগ্ৰস্ত বিষয়া কেইজনক এজন এজনকৈ গ্ৰেপ্তাৰ কৰি গুৱাহাটীত কাহিলিপৰাত থকা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যায়ললৈ লৈ অনা হৈছে । বিপদ অনিবাৰ্য দেখি দুজনকৈ বিষয়া নিজে আহি আৰক্ষীৰ ওচৰত ধৰা দিয়ে ।